July 24, 2026 6:50 PM | cm meeting flood

printer

বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লয়। 

ড০ শৰ্মাই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগ বিচ্ছিন্ন হোৱা অঞ্চল বিশেষকৈ নাজিৰা মহকুমাত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, ভ্রাম্যমান চিকিৎসা দল নিয়োগ আদি সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ বোকাময় পথবোৰ মুকলি কৰি যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়।

সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজহ চক্ৰৰ ১৫২ খন গাঁৱৰ ১ লাখ ৩৩ হাজাৰ ১৫৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত ১০ জন লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ ৫টা ৰাজহ চক্ৰৰ ৩৩৩ খন গাঁৱৰ ৫ লাখ ৩০ হাজাৰ লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১। ড০ শৰ্মাই কয়, যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে যদিও শিৱসাগৰ জিলাৰ নাজিৰাৰ ৩০ শতাংশ অঞ্চললৈ এতিয়াও বান সাহায্য প্ৰদান কৰিব পৰা হোৱা নাই ৷