July 24, 2026 6:50 PM

views 13

বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লয়।  ড০ শৰ্মাই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগ বিচ্ছিন্ন হোৱা অঞ্চল বিশেষকৈ নাজিৰা মহকুমাত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, ভ্রাম্যমান চি...