August 2, 2026 12:04 PM | cm on flood relief

printer

বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ জনসাধাৰণক ৫ আগষ্টৰ ভিতৰত ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বানত বেয়াকৈ ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা পাঁচ আগষ্টৰ ভিতৰত বেংক একাউণ্ট যোগে ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। শিৱসাগৰ জিলাৰ ৫৫ হাজাৰ, চৰাইদেউ জিলাৰ ২০ হাজাৰ, যোৰহাট জিলাৰ ৭ হাজাৰ আৰু গোলাঘাট জিলাৰ তিনি হাজাৰ পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। 

তেওঁ কয় যে জিলা চাৰিখনৰ অৰুণোদয় হিতাধিকাৰীসকলে আঢ়ৈ হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আর্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয়, যে জিলা কেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক ৩০০ ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। 

তেওঁ কয়, যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন প্ৰদান কৰা হ’ব। প্রিপেইড ব্যৱহাৰকাৰীৰ ৩০০ ইউনিট ৰী-লোড কৰি দিয়া হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজনা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয়, যে ৫ আগষ্টৰ ভিতৰত ১৫ হাজাৰ টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহ’লে ১০ আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। 

বান বিধবস্ত অংগনৱাড়ী কেন্দ্ৰৰ বাবে আঢ়ৈ লাখ টকা দিয়া হ’ব বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামটিৰ বাবে ৫ আৰু ৬ আগষ্টত দুই লাখ টকাকৈ আৰু নামঘৰ মেৰামটিৰ বাবে ১০ আগষ্টত ডেৰ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্রভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ ১০ আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষার্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।