ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিভিন্ন ব্যক্তি, দল, সংগঠনৰ প্ৰতিক্ৰিয়াৰ মাজতে বান আৰু খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে। শিৱসাগৰত আজি আয়োজন কৰা এখন সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে এই আহ্বান জনায়।
সংগঠনটোৱে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০ হাজাৰ কোটি টকাৰ বিশেষ সাহায্য পেকেজ ঘোষণাৰ বাবে দাবী উত্থাপন কৰে। লগতে উজনি অসমৰ পাহাৰ খনন, কয়লাখনি আৰু অবাধ বন ধ্বংসৰ ফলত নদীসমূহ বোকাৰে ভৰি পৰি বানৰ সমস্যা জটিল কৰি তুলিছে বুলি সম্পাদকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ।
সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে বানপীডিতসকলক পোনপটীয়াকৈ আর্থিক সাহায্য প্রদান কৰিবলৈও আহ্বান জনায়। বান সাহায্য সামগ্রী কঢ়িয়াই অনা বাহনসমূহৰ ট’ল ৰেহাই দিয়াৰ লগতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলক লৈ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে এখন উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠনৰো আহ্বান জনায় ৷