বানৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনলাইন আৰু দূৰশিক্ষা কেন্দ্ৰৰ অধীনৰ প্ৰথম আৰু দ্বিতীয় ষান্মাসিকৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনলাইন আৰু দূৰশিক্ষা কেন্দ্ৰৰ অধীনৰ প্ৰথম আৰু দ্বিতীয় ষান্মাসিকৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে। অহা ২৬ জুলাইৰ পৰা এই পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল।

 ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি তথা নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ছাত্র-ছাত্রীসকলে পৰীক্ষাৰ বাবে প্রস্তুতি চলোৱাত ব্যর্থ হৈছে। বিশ্ববিদ্যালয়খনে বান পৰিস্থিতি তথা ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। অতি সোনকালে সংশোধিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ’ব বুলি জাননীত উল্লেখ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।