July 25, 2026 9:28 PM | cm on agreculture

printer

বানৰ পাছত ৰাজ্যত কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ কৃষি আন্তঃগাথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা

বানৰ পাছত ৰাজ্যত কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ ৮৯৩ গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় এহেজাৰ ১৮১ কোটি ১৩ লাখ টকাৰ ঋণৰ সুবিধা দিয়া হৈছে।

 আজি গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। 

এই অনুষ্ঠানত কৃষি মন্ত্রী পীযূষ হাজৰিকাও উপস্থিত থাকে। ২ কোটি টকালৈকে ঋণৰ ওপৰত ৩ শতাংশ সূদ ৰেহাই, ৯০ শতাংশ পর্যন্ত বেংক ঋণ, ক্রেডিট গেৰাণ্টিৰ সুবিধাৰ লগতে গুডামঘৰ, শীতল ভড়াল, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ড্রোন, সৌৰশক্তিচালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰিব । আজি কেইবাগৰাকীও কৃষি উদ্যমীৰ হাতত ঋণৰ চেক প্ৰদান কৰা হয়। 

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল- কৃষি আন্তঃগাঁথনি উন্নয়েনেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। শস্য চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নির্মাণ, মূল্য সংযোজনক উৎসাহ প্রদান, কৃষি সামগ্ৰীৰ পৰিবহন তথা যোগান ব্যৱস্থা সৱলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষি ভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্রযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টার্ট আপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্রতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। 

অনুষ্ঠানত অংশ লোৱাৰ পাছত কৃষিমন্ত্ৰী শ্ৰীহাজৰিকাই কয়, যে বানত ক্ষতিগ্রস্ত কৃষকসকলক শীঘ্ৰে কঠিয়া আৰু অন্য কৃষি সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। মন্ত্ৰীগৰাকী নিজে বান ক্ষতিগ্রস্ত জিলাকেইখনত কৃষকসকলৰ ক্ষয় ক্ষতিৰ বুজ লব বুলি উল্লেখ কৰে ।