অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শিক্ষাগত পুনৰুদ্ধাৰ পেকেজ ঘোষণা দাবীৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হাতত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
সংগঠনটোৱে এই স্মাৰক-পত্ৰৰ জৰিয়তে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ লক্ষ্যৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলাকেইখনৰ শিক্ষাৰ্থীসকলক পাঠ্যপুথি, ইউনিফর্ম, স্কুল বেগকে ধৰি শিক্ষা সামগ্রী, ডিজিটেল শিক্ষাৰ উপকৰণ বিনামূলীয়াকৈ যোগান ধৰিবলৈ তেওঁলোকে পৰামৰ্শ আগবঢ়ায়।
বানপীড়িত অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ বৃত্তি ঘোষণা কৰাৰ লগতে মাছুল ৰেহাই, মানসিক স্বাস্থ্য সহায়তা ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে আহ্বান জনোৱা হয় ৷