সাম্প্রতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে আঢ়ৈ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যানমূলক আঁচনি হৈ থকা নাই বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সৱল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আর্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয়, যে অৰুণোদয়ৰ পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ’ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ’ব।
তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয়ৰ প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্র ঋণ লাভ কৰিব। বর্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক ১৫ হাজাৰ টকা পৰ্যন্ত ঋণ লব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয়ৰ মাহিলি সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ড০ শৰ্মাই কয়, যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলি অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ’ব।
তেওঁ কয় যে অৰুণোদয় আঁচনি অধিক সুলভ আৰু সৱল কৰি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে আন কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ ৩ হাজাৰ ৫০০ টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ ৩৭ লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে ৪৭০ কোটি টকাকৈ ব্যয় কৰিব ।