বানত ক্ষতিগ্রস্ত শিক্ষার্থীসকলক বিনামুলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নির্দেশ দিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পাছত ক্ষতিগ্রস্ত শিক্ষার্থীসকলক পুনৰ পাঠ্যপুথি যোগান ধৰাৰ বাবে প্রস্তুতি চলাবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়াক প্রয়োজনীয় পাঠপুথিৰ তালিকা অতি সোনকালে দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন যাতে ব্যাহত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ গ্ৰীষ্মবন্ধ খোলাৰ লগে লগে পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হব বুলি ডাঃ পেগুৱে উল্লেখ কৰে।
প্ৰতিকূল পৰিস্থিতিৰ মাজতো শৈক্ষিক প্ৰক্ৰিয়া অব্যাহত ৰখাতো অগ্ৰাধিকাৰৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে