July 25, 2026 9:31 PM
2
বানত ক্ষতিগ্রস্ত শিক্ষার্থীসকলক বিনামুলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰিবলৈ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নির্দেশ
বানত ক্ষতিগ্রস্ত শিক্ষার্থীসকলক বিনামুলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নির্দেশ দিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পাছত ক্ষতিগ্রস্ত শিক্ষার্থীসকলক পুনৰ পাঠ্যপুথি যোগান ধৰাৰ বাবে প্রস্তুতি চলাবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়াক প্রয়োজনীয় পাঠপুথিৰ তালিকা অ...