● বাক্সা জিলাৰ সাউদৰভিঠাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে ২১ নম্বৰ শালবাৰী পৰিষদীয় সমষ্টিৰ জ্ঞান চৌৰাঙ বিথাংখি, যুৱ সজাগতা সভা আৰু বিটিচি নিৰ্বাচন সন্দৰ্ভত পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে- ইউ পি পি এল হিচাপে বিটিচিৰ ৩৫ লাখ জনসাধাৰণৰ ২৬ টা জনগোষ্ঠীৰ শান্তি, সম্প্ৰীতিৰে আগবাঢ়ি যোৱাৰ সংকল্পৰ কথা উল্লেখ কৰে। কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ইউ পি পি এলৰ চাবিকাঠি মুখ্যমন্ত্ৰীৰ হাতত থকা বুলি দিয়া ভাষ্য সন্দৰ্ভতো তেওঁ মন্তব্য কৰে। অনুষ্ঠানত টি চি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, ইউ পি পি এলৰ মানাহ বিধানসভা সমষ্টিৰ সমন্বয়ক ড০ ভৱেশ শৰ্মাকে ধৰি কেইবগাৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে।
Assamese | August 17, 2025 7:17 PM | Akashvani Guwahati | Baksa District
বাক্সাৰ সাউদৰভিঠাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ