ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে। জিলাখনৰ নাওশালী, ভেবলা কেওঁটচুপা, জালাহ বড়োপাৰা, শিলবাৰী, অঞ্চলী, ৰাবাংগুৰি, শিমলা বড়োপাৰা, লাউখাতা দেউলগুৰি, পূব লাউখাতা, ডুবা কুমাৰী, তাৰাবাৰী, বৰপাম, ভালমানুহৰভিঠা আৰু পাকৰিগুৰিৰ অংগনৱাড়ী কেন্দ্ৰকেইটা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে শিশুৰ শাৰীৰিক বিকাশত আদর্শ অংগনৱাড়ী কেন্দ্রকেইটা বিশেষ ভূমিকা পালন কৰিব। আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত গৌতম দাস, বিটিআৰৰ পাৰিষদ মন্টু বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | April 1, 2025 6:47 PM | Urkhao Gwra Brahma
বাক্সাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ