December 21, 2025 7:12 PM

views 46

বাক্সাৰ খামাৰদৈছাত মন্ত্রী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক পুঁজিৰ অধীনত নিৰ্মিত শৰীৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰে

বাক্সা জিলাৰ খামাৰদৈছাত আজি মন্ত্রী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক পুঁজিৰ পৰা প্ৰদান কৰা ১৫ লাখ টকা অনুদানেৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে। যুৱ স্পৰ্টছ ক্লাৱত নির্মিত এই শৰীৰ চৰ্চা কেন্দ্ৰটোৱে গ্ৰামাঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয়। উদ্বোধনী অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

April 1, 2025 6:47 PM

views 64

বাক্সাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত ১৪টা আদর্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে। জিলাখনৰ নাওশালী, ভেবলা কেওঁটচুপা, জালাহ বড়োপাৰা, শিলবাৰী, অঞ্চলী, ৰাবাংগুৰি, শিমলা বড়োপাৰা, লাউখাতা দেউলগুৰি, পূব লাউখাতা, ডুবা কুমাৰী, তাৰাবাৰী, বৰপাম, ভালমানুহৰভিঠা আৰু পাকৰিগুৰিৰ অংগনৱাড়ী কেন্দ্ৰকেইটা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে শিশুৰ শাৰীৰিক বিকাশত আদর্শ অংগনৱাড়ী কেন্দ্রকেইটা বিশেষ ভূমিকা পালন কৰিব। আজিৰ কাৰ্যসূচীত জিলা আয়ুক্...

March 18, 2025 7:49 PM

views 55

শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩১ কোটি টকা আগবঢ়াবঃ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৩১ কোটি টকা আগবঢ়াব বুলি হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকাশ কৰিছে। শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু শ্বিলঙৰ উত্তৰ-পূব ভাৰত সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ শিল্পকে ধৰি ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সমস্যা আৰু সম্ভাৱনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। আলোচনাচক্ৰত অংশগ্ৰহণকাৰী গৱেষকসকলৰ উপৰি অনলাইন মাধ...

March 7, 2025 8:59 PM

views 91

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছেঃ উৰ্খাও গৌড়া ব্ৰহ্ম

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছে। বিধানসভাত আজি হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, বর্তমান চৰকাৰী খণ্ডৰ সাধাৰণ এলেকাৰ ভিতৰত ২০৩ খন আৰু বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত ১৩৬ খন ৰেচম পাম৷ ইয়াৰে ১২১ খন হৈছে এড়ি পাম, ৮৬ খন মুগা পাম, ১২৭ খন পাৰ্ট-পলু পাম আৰু ৫ খন টছৰ পাম আছে। ৰাজ্যৰ ৫৩৬.১৫ হেক্টৰ অব্যৱহৃত ম...