চৰকাৰে বাংলাদেশৰ পৰা কেতবোৰ মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে কালি জাৰি কৰা এখন নিৰ্দেশনাত এইবুলি কোৱা হৈছে যে, মৰাপাটৰ কাপোৰ, সুতলি, ৰচী আৰু বেগ আদি সামগ্ৰীসমূহ শীঘ্ৰেই কাৰ্য্যকৰী হোৱাকৈ কেৱল মহাৰাষ্ট্ৰৰ হাৱা সেৱা বন্দৰ হৈহে ভাৰতত প্ৰৱেশ কৰিব পাৰিব। ভাৰত-বাংলাদেশ সীমান্ত হৈ স্থলপথেৰে সামগ্রী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চলিত বৰ্ষৰ ২৭ জুনত প্ৰকাশ হোৱা নিৰ্দেশনা অনুসৰি, অন্যান্য চৰ্ত তথা নিয়মাৱলীসমূহ পূৰ্বৰ দৰেই বাহাল থাকিব বুলি নিৰ্দেশনাটোত লগতে উল্লেখ কৰা হৈছে।
Assamese | August 12, 2025 9:10 PM | India-Bangladesh Trade
বাংলাদেশৰ পৰা মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিত নতুন নিষেধাজ্ঞা আৰোপ