বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। এই অনুসৰি এতিয়াৰে পৰা বাংলাদেশৰ বস্ত্র, খাদ্য বস্তু, পানীয় আৰু প্লাষ্টিকৰ সামগ্রী উত্তৰ-পূৰ্বাঞ্চলৰ স্থলপথেৰে ভাৰতলৈ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশখনে এই সামগ্রীসমূহ এতিয়াৰে পৰা কেৱল মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ আৰু কলকাতাৰ সামুদ্রিক বন্দৰৰ মাজেৰেহে ভাৰতলৈ ৰপ্তানি কৰিব পাৰিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি দেশ দুখনৰ মাজত বাণিজ্যৰ সমতা স্থাপনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে ইয়াৰ আগতে যোৱা মাহত বাংলাদেশৰ সামগ্ৰী ভাৰতৰ মাজেৰে আন দেশলৈ প্ৰেৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল।
Assamese | May 19, 2025 1:37 PM | India-Bangladesh Trade
বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ