● বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা মতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ গৃহ জিলা গোপালগঞ্জত যোৱা বুধবাৰে নেচনেল ছিটিজেন পাৰ্টীৰ এটা ৰেলীৰ সময়ত আৰক্ষী আৰু আৱামী লীগৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা সংঘৰ্ষত কমেও ৪ জন লোকৰ মৃত্যু হোৱাৰ লগত ৫০ জনৰো অধিক লোক আহত হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত সান্ধ্য আইন ঘোষণা কৰা হয়। আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘণ্টাৰ বিৰতিৰ পাছত পৰৱৰ্তী নির্দেশ নহা পর্যন্ত সান্ধ্য আইন বাহাল থাকিব।
Assamese | July 18, 2025 1:31 PM | Akashvani News | Bangladesh
বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি