বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছে বুলি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আজি লোকসভাত এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত ঘৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান সমূহত লুটপাত কৰা হৈছে আৰু মন্দিৰ আৰু অন্যান্য উপাসনাস্থলীত আক্রমণ সংঘটিত হৈছে।
ড০ জয়শংকৰে কয় যে, শেহতীয়াকৈ বাংলাদেশত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ সময়তো মন্দিৰ আৰু পূজা মণ্ডপত আক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে। তেওঁ কয়, চলিত বৰ্ষৰ দুর্গা পূজাৰ সময়ত ঢাকাৰ তাঁতীবজাৰৰ পূজা মণ্ডপত সংঘটিত হোৱা আক্ৰমণ আৰু সাতখিৰাৰ যোশ্বেশ্বৰী কালি মন্দিৰত চুৰি কৰা ঘটনাক লৈ চৰকাৰে গুৰুতৰ উদ্বেগ প্রকাশ কৰিছে। তেওঁ কয়, ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তই বাংলাদেশৰ সংখ্যালঘুৰ সৈতে জড়িত পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। তেওঁ কয়, সংখ্যালঘুকে ধৰি বাংলাদেশৰ সকলো নাগৰিকৰ জীৱন আৰু মৌলিক সুৰক্ষাৰ প্ৰাথমিক দায়িত্ব বাংলাদেশ চৰকাৰৰ৷
Assamese | November 29, 2024 8:48 PM | Bangladesh | Dr. S Jayshankar | Jaysankar
বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত হিংসা সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে লৈছেঃ বিদেশমন্ত্ৰী জয়শংকৰ