বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্রকাশ

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা বার্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে পৰম্পৰাগত ঘৰ-দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোক জীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্রোতভাবে জড়িত। বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অর্থনীতি গঢ়ি তোলাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে।

অসমৰ এই পৰম্পৰাগত সম্পদবিধক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ নতুন সম্ভাৱনাৰ দিশ মুকলি কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি অহা ২ অক্টোবৰত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত অসম চৰকাৰ আৰু বেম্বো ইণ্ডিয়াৰ সহযোগত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সেউজ সম্পদ বাঁহক ঘাঁহ জাতীয় উদ্ভিদ হিচাপে তালিকাভুক্ত কৰাৰ ফলত অসমৰ জীৱিকা আৰু সেউজ উদ্যোগৰ বাবে নতুন দুৱাৰ মুকলি হৈছে। এই দূৰদৰ্শী পৰিকল্পনাক আগবঢ়াই নি অসম বাঁহ চাইকেলৰ জৰিয়তে অহা ২ অক্টোবৰত বাঁহৰ পৰা অনন্য উদ্ভাৱনৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ভাৰতত থকা ১৩১ বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত ৫১ বিধেই অসমত হয়। ৰাজ্যখনৰ ৩১ হাজাৰ হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্রকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে।