September 18, 2026 8:24 PM
5
বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্রকাশ
অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা বার্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে পৰম্পৰাগত ঘৰ-দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোক জীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্রোতভাবে জড়িত। বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অর্থনীতি গঢ়ি তোলাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। অসমৰ এই পৰম্পৰাগত সম্পদবিধক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মন...