September 9, 2026 8:26 PM | Cabinet

printer

বহু-তৰপীয়া তিনিটা ৰে’লৱে প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ১০,৭০০ কোটি টকাৰো অধিক ব্যয়ৰ বহু-তৰপীয়া তিনিটা ৰে’লৱে আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এই আঁচনিয়ে দেশৰ পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা, মধ্য প্রদেশ আৰু ছত্তিশগড়ৰ ১৪খন জিলাক সামৰি ল’ব। এই আঁচনিৰ অধীনত ৰেলৱেৰ নেটৱৰ্ক আৰু ৬৫৬ কিলোমিটাৰলৈ বৃদ্ধি কৰিব। শ্রীবৈষ্ণরে কয় যে এই প্রকল্পকেইটা খড়গপুৰৰ পৰা ঝাৰছুগুডালৈ চাৰিটা লাইন, কাটনিৰ পৰা পেন্দ্ৰা ৰোডলৈ চাৰিটা লাইন আৰু বিলাসপুৰৰ পৰা পেন্দ্ৰা ৰোডলৈ তিনিটা ৰে’ল লাইন বহুওৱা হ’ব। এই ৰে’লপথ বৃদ্ধিৰ ফলত ভাৰতীয় ৰে’লবে সেৱাৰ সামর্থ্য বৃদ্ধি কৰাৰ লগতে কার্যক্ষমতা আৰু আহ-যাহৰ সামৰ্থ্য বৃদ্ধি কৰিব। এই বহুশাৰী ৰেলপথ স্থাপনৰ ফলত অঞ্চলটোত পূর্বতে বৃদ্ধি হোৱা ৰে’লৰ চলাচল মসৃণ হ’ব।

কেন্দ্ৰীয় মন্ত্রীসভাই ইয়াৰ উপৰিও তামিলনাড়ু, অন্ধ্র প্রদেশ, কর্ণাটক আৰু তেলেংগানাৰ ১৭খন জিলাক সামৰি পাঁচটা ৰে’লপথ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত এই অঞ্চলটোত প্রায় ৫৪০ কিলোমিটাৰ ৰেলপথ নির্মাণ কৰা হ’ব। ২০২৯-৩০ বৰ্ষত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা এই আঁচনিৰ বাবে ১০ হাজাৰ ২১ কোটি টকাৰ ব্যয় নির্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত আৰাক্কা নামৰ পৰা ৰেণীগুণ্টালৈকে আৰু হোৱাইট ফিল্ডৰ পৰা বাংগাৰাপেটলৈকে তৃতীয় আৰু চতুর্থটো লাইন স্থাপন কৰা হ’ব। এই ৰে’লপথছোৱাই দুহেজাৰ ১০০ৰো অধিক গাঁৱৰ ৫২ লাখ লোকক সামৰি ল’ব। শ্রীবৈষ্ণবে জানিবলৈ দিয়ে যে মন্ত্রীসভাই লগতে দেশৰ সাতটা ব্যস্ত ৰেলপথক চাৰিলেনযুক্ত কৰাৰ সিদ্ধান্ত লৈছে। এই ৰেলপথকেইটা হৈছে দিল্লী- হাওৰা, মুম্বাই হাওৰা, দিল্লী-মুম্বাই, দিল্লী-গুৱাহাটী, দিল্লী-চেন্নাই, হাওৰা-চেন্নাই আৰু মুম্বাই-চেন্নাই। এই পথকেইটাই ৰে’লৱে নেটৱৰ্ক ১১ হাজাৰ কিলোমিটাৰলৈ সামৰি ল’ব আৰু দুহেজাৰ কিলোমিটাৰ চতুৰ্থ শাৰী ৰেলপথৰ নিৰ্মাণ ইতিমধ্যে সম্পূর্ণ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।