July 14, 2026 6:29 PM | cm forest meeting

printer

বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ড° শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনর্বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।