July 14, 2026 6:29 PM
1
বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ড° শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তি...