উনৈশ শতিকাত ৰচিত ‘বন্দে মাতৰম’ গীতটোত হাজাৰ বছৰ পুৰণি ভাৰতীয় চেতনা নিহিত হৈ আছে। বেদত এই চেতনা বর্ণিত হৈছে পৃথিৱী মাতৃ, মই তেওঁৰ সন্তান। বংকিমচন্দ্র চট্টোপাধ্যায়ে ‘ৱন্দে মাতৰম’ ৰচনা কৰি মাতৃভূমি আৰু তেওঁৰ সন্তানৰ মাজৰ সম্পর্কক এটা মন্ত্ৰৰ ৰূপ প্রদান কৰিলে বুলি প্ৰধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাতত উল্লেখ কৰে। অহা ৭ নৱেম্বৰত এই গীত ৰচনাৰ ১৫০ বর্ষপূর্তি উদযাপন কৰা হব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ১৮৯৬ চনত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে এই গীত গাইছিল। এই গীতৰ শব্দৰ জৰিয়তে সকলোৱে ভাৰতৰ জীৱন্ত আৰু ভব্য স্বৰূপ দর্শন কৰে। নতুন প্ৰজন্মৰ ভাৰতীয়সকলক আমাৰ সংস্কাৰৰ সৈতে চিনাকি কৰি দিবলৈ এই উদযাপন কৰা হব বুলিও প্ৰধানমন্ত্ৰীয়ে উ্ল্লেখ কৰা। এই বিষয়ে জনসাধাৰণৰ ন ন ধাৰণা #Vandemataram150 লিখি শ্বেয়াৰ কৰিবলৈ শ্ৰীমোদীয়ে আহ্বান জনায়।
Assamese | October 26, 2025 12:40 PM | Mann Ki Baat | Vandemataram150
বন্দে মাতৰম গীত ৰচনাৰে মাতৃভূমি আৰু সন্তানৰ মাজৰ সম্পর্কক এটা মন্ত্ৰৰ ৰূপ প্রদান কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ