বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীত সর্বোচ্চ তাপমাত্ৰা আছিল ২৫.৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.১ ডিগ্রী চেলছিয়াছ। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ২৫ আৰু ১৩ ডিগ্ৰী চেলছিয়াছ হ’ব বুলি অনুমান কৰা হৈছে। উত্তৰপূৰ্বাঞ্চলৰ ভিতৰত কালি ইম্ফলত সর্বনিম্ন তাপমাত্রা ৬.১ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়। কহিমাৰ সৰ্বনিম্ন তাপমাত্রা ৬.২ ডিগ্রী, উত্তৰ লখিমপুৰৰ সর্বনিম্ন তাপমাত্রা ৬.৪ ডিগ্ৰী আৰু শ্বিলঙৰ সর্বনিম্ন তাপমাত্রা ৬.৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়।
Assamese | December 14, 2024 3:05 PM | Assam Weather | IMD weather | Weather alert
বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব