বড়ো সাহিত্য সভাৰ বড়ো ভাষাত এখন বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনা কৰিছে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ কালি তৃতীয় দিনা পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে এই কথা প্রকাশ কৰে। বড়ো ভাষাৰ উত্তৰণৰ বাবে তথা নৱ প্ৰজন্মই ভাষাটো শুদ্ধৰূপত চৰ্চা কৰিব পৰাকৈ চাৰিটা ভাষাৰ পূৰ্ণাংগ অভিধান এখন ইতিমধ্যে প্রণয়ন কৰি প্ৰকাশ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অধিৱেশনৰ অংশ হিচাপে বড়ো সাহিত্য সভাৰ প্রয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি কালি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বর্ধনা আৰু শিল্পী সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মা, প্রাক্তন উপ-সভাপতি মৃণালিনি দেৱী, ডিমাচা সাহিত্য সভাৰ সভাপতি আলো নুনিছা থাউছেন, গাৰো সাহিত্য সভাৰ প্ৰধান সম্পাদক জনকেবি ছাংমা আৰু মিছিং সাহিত্য সভাৰ প্ৰধান সম্পাদক সুমেশ্বৰ পকটাককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ আজি অন্তিম দিনাৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰথ নাৰ্জাৰীৰ সঞ্চালনাত হ’বলগীয়া মুকলি অধিৱেশনত অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্রীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ ল’ব। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এই মুকলি সভা উদ্বোধন কৰিব।
Assamese | January 12, 2025 12:02 PM | Bodo Sahitya Sabha
বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ বড়ো ভাষাত বিশ্বকোষ প্ৰকাশৰ পৰিকল্পনাৰ কথা উল্লেখ