নতুন দিল্লীৰ ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন কৰা হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে সভাৰ পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংস্কৃতিক সমাবেশৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে নতুন দিল্লীত কালি প্ৰথমবাৰৰ বাবে আয়োজন কৰা বড়োলেণ্ড মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
Assamese | November 16, 2024 6:24 PM | Assam | Bodo | Bodo Sahitya Sabha
বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন