August 8, 2026 8:26 PM | Bajali

printer

বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা ১৭ আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা ১৭ আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস উদযাপন কৰা হ’ব। এই উপলক্ষে বিভিন্ন দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰক্ষী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 

জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে সবিশেষ প্রকাশ কৰি জিলা আয়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে কয়, যে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হ’বলগীয়া কাৰ্যসূচীত সমন্বয় সভা, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে বন্দে মাতৰম পৰিৱেশন আৰু শপত গ্ৰহণ কৰা হ’ব। 

এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী প্ৰশাসন, শিক্ষানুষ্ঠান, এন চি চি আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিব। পৰৱৰ্তী দিনকেইটাত তিৰংগা ৰেলী, চাইকেল সমদল, প্ৰদৰ্শনী, ছাত্রছাত্ৰীসকলৰ মাজত কুইজ, তর্ক, চিত্রাংকন, দেশপ্রেমমূলক গীত আদিকে ধৰি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।