বজালী জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কালদিয়া নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্র ক্ষয়-ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জল-সম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি তিনিদিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাবে কয়, যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজ যাতে অধিক কষ্টৰ সন্মুখীন নহয়, তাৰ বাবে অতি ক্ষীপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্রহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীর্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্রকাশ কৰে। তেওঁলোকে কয়, যে এই অবৈধ খননৰ ফলতে নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰৱ হৈ উঠে স্থানীয় বিধায়কগৰাকী।
Assamese | June 24, 2026 7:44 PM | MLA Dharmeswar Rai
বজালীৰ বনগাঁও অঞ্চলত বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ বান পৰিস্থিতি পৰিদৰ্শন