June 24, 2026 7:44 PM

views 9

বজালীৰ বনগাঁও অঞ্চলত বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ বান পৰিস্থিতি পৰিদৰ্শন

বজালী জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কালদিয়া নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্র ক্ষয়-ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জল-সম্প...