বজালীৰ পাঠশালাত সৰ্বভাৰতীয় পঞ্চায়ত পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ কার্যনির্বাহক সভা

বজালী জিলাৰ পাঠশালাত আজি সৰ্বভাৰতীয় পঞ্চায়ত পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া, পঞ্চায়ত প্ৰতিনিধি আৰু সদস্যসকলে সভাত অংশগ্রহণ কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে বিস্তৃত আলোচনাত মিলিত হয়। 

সভাত পঞ্চায়তীৰাজ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা, গাঁও সভাৰ ভূমিকা সুদৃঢ় কৰা, স্থানীয় স্ব-শাসন ব্যৱস্থাৰ উন্নীতকৰণ, গ্রাম্য উন্নয়নমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু পঞ্চায়তসমূহক অধিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সৰ্বভাৰতীয় পঞ্চায়ত পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি বাল্মিকী প্রসাদ সিং, ৰাষ্ট্ৰীয় সম্পাদক আৰিফ আলী, অসম ৰাজ্যিক সমিতিৰ সভাপতি অৰূপ বৰ্মন আৰু ৰাজ্যিক সম্পাদক কুশল ৰয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সাম্প্ৰতিক প্ৰত্যাহ্বান, সম্ভাৱনা আৰু ভৱিষ্যৎ কর্মপন্থা সম্পর্কে ভাষণ প্ৰদান কৰে।

 পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল লক্ষ্যসমূহ সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্রহণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ লগত দিয়াৰ লগতে পঞ্চায়ত প্রতিনিধিসকলক অধিক স্বচ্ছতা, জবাবদিহিতা আৰু দায়িত্বশীলতাৰে নিজৰ কৰ্তব্য পালনৰ বাবে বক্তাসকলে আহ্বান জনায় ৷