September 3, 2026 6:37 PM | Bajali

printer

বজালীত বিবেচক শীৰ্ষক কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক অনুষ্ঠিত

বজালী জিলাৰ ৮০ বছৰ বা তাতকৈ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ দুৱাৰমুখতে স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে ৰূপায়ণ হ’বলগীয়া বিবেচক শীৰ্ষক কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বজালী জিলা প্রশাসন আৰু জিলা স্বাস্থ্য সমিতি বজালীৰ উদ্যোগত আজি অনুষ্ঠিত এই বৈঠকত জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ অধ্যক্ষতাত বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলক চিনাক্ত কৰা, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা, নিয়মীয়া ঘৰুৱা স্বাস্থ্য পৰিদৰ্শন আৰু প্ৰয়োজন অনুসৰি উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা সন্দৰ্ভত সংযোগ স্থাপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। আজিৰ এই বৈঠকত জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যজনিত সমস্যাসমূহ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰাৰ লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষা, চলিত চিকিৎসা আৰু ঔষধ সেৱনৰ পৰ্যালোচনাচ, স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আৰু প্রযোজনীয় ক্ষেত্ৰত ৰেফাৰেলৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ মানসিক আৰু আবেগিক সুস্থতা, পুষ্টি, পৰিচ্ছন্নতা আৰু শাৰিৰীক চলাচলৰ সুবিধা আদি বিষয়তো আলোকপাত কৰা হয়। এই বৈঠকত জিলা আয়ুক্তৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ভাৰপ্ৰাপ্ত জিলা আঁচনি প্ৰৱন্ধক তথা স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কর্মীসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।