বকো-ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন জলসিঞ্চন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসিঞ্চন মন্ত্ৰী পীযূষ হাজৰিকাই আজি বকো-ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। পাইলট প্ৰকল্পৰ অধীনৰ এই প্ৰকল্প দুটা পৰিদৰ্শন কৰি অভিযন্তা আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে । 

এই প্ৰকল্প দুটাৰ কাৰিকৰী দিশ ৰূপায়ণ প্ৰক্ৰিয়া আৰু সম্ভাৱনা সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লগতে স্থানীয় কৃষক আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। প্ৰকল্প দুটাৰ জৰিয়তে দুর্গম আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কম ব্যয়ত জলসিঞ্চনৰ সুবিধা প্ৰদানৰ লগতে সৌৰ শক্তি চালিত ভাসমান পাম্প ষ্টেচনৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কা হৈছে। 

ইয়াৰ ফলত জল ব্যৱহাৰৰ দক্ষতা বৃদ্ধি, আধুনিক জলসিঞ্চন ব্যৱস্থাপনাৰে কৃষকসকলক অধিক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰি কৃষিজাত সামগ্রী উৎপাদন বৃদ্ধিত সহায়ক হ’ব বুলি আশা কৰা হৈছে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে এই প্রকল্প দুটা গুণগত মান বৰ্তাই ৰখাৰ লগতে সময়মতে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ ৰাজ্য চৰকাৰে কৃষক কল্যাণ, কৃষি উৎপাদন বৃদ্ধি আৰু আধুনিক জলসিঞ্চন আন্তগাঁথনি গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।