June 20, 2026 9:34 PM

views 13

বকো-ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন জলসিঞ্চন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসিঞ্চন মন্ত্ৰী পীযূষ হাজৰিকাই আজি বকো-ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। পাইলট প্ৰকল্পৰ অধীনৰ এই প্ৰকল্প দুটা পৰিদৰ্শন কৰি অভিযন্তা আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে ।  এই প্ৰকল্প দুটাৰ কাৰিকৰী দিশ ৰূপায়ণ প্ৰক্ৰিয়া আৰু সম্ভাৱনা সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লগতে স্থানীয় কৃষক আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। প্ৰকল্প দুটাৰ জৰিয়তে দুর্গম আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কম ব্যয়ত জলসিঞ্চনৰ সুবিধা প্ৰদানৰ লগতে সৌৰ শক্তি চালিত ভাসমান পাম্প ষ্টেচনৰ জৰিয়তে পানী যোগান...