জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সম্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে ফ্ৰান্সৰ ইভিয়ান চহৰলৈ যোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভ্রমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। প্রধানমন্ত্রী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ মাজত বিয়লি হ’বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চর্চা লাভ কৰিছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত বাম্বিংটন ডিচিত হোৱা বৈঠকৰ পাছত এয়া হ’ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰা উপায়ৰ লগতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। গোলকীয় প্রত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত নতুন দিল্লী মহলৰ বর্ধিত সক্রিয় ভূমিকাৰে ভাৰতে গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে নিজৰ স্থিতি সবল কৰি তোলাৰ সময়ত অনুষ্ঠিত এই বৈঠক কৌশলগত দিশৰ পৰা তাৎপর্যপূৰ্ণৰূপে বিবেচিত হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ‘সকলোৰে হিতার্থে সন্তুলিত, সর্বাত্মক আৰু বহনক্ষম অর্থনৈতিক বিকাশৰ প্ৰসাৰ’ বিষয়ক সম্মিলনতো অংশ ল’ব।
জি ছেভেন সদস্য ৰাষ্ট্র, সহযোগী ৰাষ্ট, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি আৰু অর্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাৰ প্রতিনিধিসকলেও এই সম্মিলনত ভাগ ল’ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে হোৱা বৈঠকৰ উপৰি শ্ৰী মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্রুত আৰু ফলপ্রসূ প্রয়োগ নিশ্চিতকৰণ সম্পর্কীয় মধ্যাহ্ন ভোজমেলতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্মিলনৰ আপাহতে আজি ইউৰোপীয় আয়োগৰ অধ্যক্ষ উছুলা ভন ডেৰ লায়েন আৰু জার্মানীৰ চেঞ্চেলৰ ফ্রেড্রিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ লোৱাৰ কথা।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্রধানমন্ত্রী মার্ক কার্নী, ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ অল নাহয়ানৰ সৈতে পৃথক পৃথককে দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ লগতে কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম কট’, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ এল-চিচি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙকো সাক্ষাৎ কৰে।