June 17, 2026 2:20 PM

views 27

ফ্ৰান্স ভ্রমণৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিনা উচ্চ পৰ্যায়ৰ বৈঠক

জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সম্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে ফ্ৰান্সৰ ইভিয়ান চহৰলৈ যোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভ্রমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। প্রধানমন্ত্রী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ মাজত বিয়লি হ'বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চর্চা লাভ কৰিছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত বাম্বিংটন ডিচিত হোৱা বৈঠকৰ পাছত এয়া হ'ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপা...