বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ই জনোৱা অনুসৰি, ফ্ৰান্সত শ্বামোণ্ডা ভাইৰাছৰ দ্বাৰা মানুহৰ সংক্ৰমণৰ প্ৰথমটো নথিভুক্ত ঘটনা পোহৰলৈ আহিছে। এই সংক্রমণত আক্রান্ত এগৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰোগীগৰাকী ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বলতাত ভুগি আছিল।
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ আধানম ঘেব্ৰেয়েছাছে জনোৱা মতে, ইয়াৰ পূৰ্বে এই ভাইৰাছ কেৱল জীৱ-জন্তুৰ দেহতহে চিনাক্ত কৰা হৈছিল। গৰু, ভেড়া, ছাগলী আৰু ঘোঁৰাৰ দেহতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। ক্ষুদ্ৰ উৰন্ত পোক, বিশেষকৈ মিজ নামৰ এবিধ মাখিৰ কামোৰৰ জৰিয়তে জীৱ-জন্তুৰ মাজত এই ভাইৰাছ বিয়পি পৰা বুলি ধাৰণা কৰা হৈছে । অৱশ্যে, আক্রান্ত ৰোগীগৰাকী কেনেদৰে এই ভাইৰাছৰ দ্বাৰা সংক্রমিত হ’ল, সেয়া নিশ্চিত কৰিবলৈ আৰু ইয়াৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সম্ভাৱ্য ভাবুকি নিৰূপণ কৰিবলৈ অধিক অধ্যয়নৰ প্রয়োজন বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে ।