December 17, 2025 11:46 AM

views 46

নতুন দিল্লীত আজি পৰম্পৰাগত ঔষধ বিষয়ক দ্বিতীয় বিশ্ব শীর্ষ সম্মিলন আৰম্ভ

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ বিষয়ক দ্বিতীয় বিশ্ব শীর্ষ সম্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত এই তিনিদিনীয়া শীর্ষ সম্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নীতিনির্ধাৰক, বিজ্ঞানী, চিকিৎসা বিশেষজ্ঞ আৰু নাগৰিক সমাজৰ প্রতিনিধিসকলে অংশগ্ৰহণ কৰিছে। বিশ্বজুৰি দীর্ঘস্থায়ী আৰু সুষম স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ বাবে এক যৌথ দৃষ্টিভংগী আগবঢ়োৱাই এই শীর্ষ সম্মিলনৰ মুখ্য লক্ষ্য। "সামঞ্জস্য পুনৰুদ্ধাৰঃ বিজ্ঞান, স্বাস্থ্য ...

August 29, 2025 2:37 PM

views 25

আফগানিস্তানক গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

● আফগানিস্তানত ২ কোটি ২০ লাখ লোকক সম্প্ৰতি সাহায্যৰ প্ৰয়োজন হোৱাৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই দেশখন গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়াই দিছে। সংস্থাটোৱে শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰা মতে পুঁজিৰ সংকটৰ ফলস্বৰূপে দেশখনত স্বাস্থ্য প্রতিষ্ঠান বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। তদুপৰি, ব্যাপক হাৰত শৰণাৰ্থী প্ৰত্যাৱৰ্তনৰ ফলত স্বাস্থ্য খণ্ডত গুৰুতৰ সংকটে দেখা দিছে বুলিও এই প্রতিবেদনত প্ৰকাশ পাইছে। চলিত বৰ্ষত আফগানিস্তানৰ ১ কোটি ৬০ লাখতকৈও অধিক লোকক জীৱন ৰক্ষামূলক সহায়...

May 20, 2025 8:40 PM

views 76

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ এবিধ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে। জেনেভাত অনুষ্ঠিত ৭৮ সংখ্যক বিশ্ব স্বাস্থ্য মহাসভাত এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । ৰোগ নিৰ্মূলকৰণ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহনক্ষম প্ৰচেষ্টা আৰু সকলোৰে বাবে সু-স্বাস্থ্য নিশ্চিত কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিনস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৮ অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰে ট্ৰাক’মা ৰোগ নিৰ্মূল কৰাৰ ক...

May 27, 2024 6:38 PM

views 65

ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন

সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাই কালি প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাসহ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰচ আদহান'ম ঘেব্ৰেয়েচাচ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই অধিবেশনত অংশগ্ৰহণ কৰে।

April 3, 2024 1:16 PM

views 124

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ অৰিন্দম বাগচিৰ

♦ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কালি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ'ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত দুয়োগৰাকী নেতাই গোলকীয় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাকে ধৰি পৰম্পৰাগত ঔষধ আৰু ডিজিটীয় স্বাস্থ্যৰ বিষয়ে আলোচনা কৰে বুলি উল্লেখ কৰা হৈছে ৷ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন মুখপাত্র শ্রীবাগচীক বিগত অক্টোবৰত জেনেভাত ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভাৰতৰ পৰৱৰ্তীগৰাকী স্থায়ী প্রতি...