বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে বর্তমান পৃথিৱীক অস্থিৰ কৰি ৰখা ঘটনাসমূহৰ ক্ষেত্ৰত বিদেশী শক্তিয়ে উৎসাহিত কৰি অহা বিষয়টো গোপনীয় হৈ থকা নাই। এই শক্তিসমূহৰ সমৰ্থনেৰে কিছু লোকে নিজৰ অভিপ্ৰায় আগুৱাই নিয়া বুলিও বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কালি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত এখন শীৰ্ষ সন্মিলনত এটা প্ৰশ্নৰ উত্তৰত ড০ জয়শংকৰে লগতে কয় যে পৰিৱৰ্তিত বিশ্ব সীমাহীন ৰাজনীতি বৃদ্ধি, প্ৰযুক্তিৰ প্ৰসাৰ আৰু অৰ্থনীতিৰ গোলকীয়কৰণৰ লগে লগে বিশ্বত ক্ৰমাৎ অস্থিৰতা বৃদ্ধি পাবলৈ ধৰিছে।
Assamese | October 23, 2026 1:45 PM | S.Joysankar
পৰিৱৰ্তিত বিশ্ব সীমাহীন ৰাজনীতি বৃদ্ধি, প্ৰযুক্তিৰ প্ৰসাৰ আৰু অৰ্থনীতিৰ গোলকীয়কৰণৰ লগে লগে বিশ্বত ক্ৰমাৎ অস্থিৰতা বৃদ্ধি পাবলৈ ধৰিছে বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ