যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজি পৰিৱেশ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট সমাজকর্মী জগন্নাথ অগ্নি বৰা আৰু প্ৰকৃতিবিদ শান্তা শর্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰে। এই সজাগতা সভাৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত কেইবাজোপাও অৰ্কিড ৰোপণ কৰা হয়।
Assamese | December 18, 2024 8:24 PM | Jorhat
পৰিৱেশ সুৰক্ষা সন্দৰ্ভত যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত