অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আজি সামৰণি পৰে। গুৱাহাটীৰ নাৰেঙ্গীৰ কেন্দুগুৰি জ্যেষ্ঠ নাগৰিক উন্নয়ন সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কেব চালক তথা পৰিয়ালৰ চকু, কাণ, ৰক্তচাপ আৰু মধুমেহৰ পৰীক্ষাৰ কৰাৰ লগতে বিনামূলীয়াকৈ চশমা, ঔষধ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে কালি আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰ কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সভাপতি বিষ্ণু দাসে মুকলি কৰে।
Assamese | January 28, 2025 9:00 PM | Akashvani Guwahati | Assam
পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সামৰণি