প্ৰস্তাৱিত নতুন বীজ আইনৰ অধীনত কৃষকৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব আৰু পৰম্পৰাগত বীজৰ জাতসমূহৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব বুলি কেন্দ্রীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত কৃষক সংগঠনৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি তেওঁ এই মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে, ১৯৬৬ চনৰ পুৰণি আইনখন বৰ্তমানৰ ভেজাল আৰু নিম্নমানৰ বীজৰ প্রত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ বাবে পর্যাপ্ত নহয়। নতুন আইনখনে কৃষকসকলক পৰম্পৰাগত বীজ বিনিময় আৰু বিক্ৰী কৰাৰ স্বাধীনতা দিয়াৰ লগতে ৰাজ্যসমূহক স্থানীয় পৰিস্থিতিৰ উপযোগী বীজ মুকলি কৰাৰ অধিক ক্ষমতা প্রদান কৰিব। ইয়াৰ উপৰি প্ৰতিখন ৰাজ্যতে বীজ সুৰক্ষা পুঁজি গঠন কৰা হ’ব আৰু বীজৰ ক্ষেত্ৰত লোকচান হ’লে ১৫ দিনৰ ভিতৰত কৃষকক ক্ষতিপূৰণ দিয়া নিশ্চিত কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে।