June 6, 2026 8:11 PM | PM Modi

printer

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলক দেশৰ অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এচিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও স্থান লাভ কৰে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কার্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁলোকে লগতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়েও মতামত দাঙি ধৰে।