June 11, 2026 12:52 PM | PM Modi

printer

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাবে চি আৰ পাটিলৰ আজি গুৱাহাটীৰ শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত সেৱা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৪ হাজাৰ ৩৯৮ দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অর্জন কৰে।

শ্রী মোদীয়ে সর্বাধিক সময়ৰ বাবে দেশৰ প্ৰধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা উপলক্ষে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীৰ শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত সেৱা লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন জনসভাত অংশগ্রহণ কৰে আৰু মোদী চৰকাৰে বিগত ১২ বছৰত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দিয়ে। তেওঁ লগতে বিকশিত ভাৰত সংকল্প সন্মিলনৰ অংশ হিচাপে উত্তৰ গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট জ্যেষ্ঠ ব্যক্তিৰ বাসগৃহলৈ গৈ মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত তেওঁক ৰাজ্যৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিজয় গুপ্তাই সংগ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কুমাৰ ভাস্কৰ বাৰ্মা সেঁতুত বিজেপিয়ে প্রধানমন্ত্রী মোদীৰ অভিলেখক লৈ প্ৰগতি যাত্ৰাত অংশ লয়।