June 8, 2026 12:40 PM | Tennis

printer

প্ৰথমবাৰৰ বাবে আলেকজেণ্ডাৰ জেবেৰেভৰ গ্রেণ্ড শ্লেমৰ খিতাপ দখল

  • জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্রেও শ্লেমৰ খিতাপ দখল কৰে। ৰোলেণ্ড গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেবিঅ’ ক’ব’লিক ৫ ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বিশ্বৰ তৃতীয় নম্বৰ খেলুৱৈ আলেকজেণ্ডাৰে ফিলিপ চেত্ৰিয়েৰ কোৰ্টত অনুষ্ঠিত ৪ ঘণ্টা ২০ মিনিটৰ খেলখনত তেওঁৰ প্ৰতিদ্বন্দীক ৬–১, ৪-৬, ৬-৪, ৬-৭, ৬-১ ছেটত পৰাস্ত কৰে। ইয়াৰ আগেয়ে তেওঁ ২০২০ চনত ইউ এছ অপেন, ২০২৪ চনত ফ্ৰেন্স অপেন আৰু আৰু ২০২৫ চনত অষ্ট্ৰেলিয়ান অপেনত ৰানাৰ্ছআপৰ খিতাপ অৰ্জন কৰিছিল। ১৯৩৭ চনত হেনাৰ হেংকেলৰ পিছতে ফ্ৰেন্স অপেন খিতাপ অৰ্জন কৰা ২৯ বছৰীয়া জেবেৰ্ভে প্ৰথমজন জাৰ্মানীৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে।