প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্রস্তুতি সম্পৰ্কত সশস্ত্র বাহিনীৰ প্ৰধান জেনেৰেল অনিল চৌহান, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাধ্যক্ষ এয়াৰ চীফ মার্শ্বেল অমৰপ্ৰীত সিং আৰু নৌসেনাধ্যক্ষ এডমিৰেল দীনেশ কে ত্রিপাঠীৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা সচিব আৰ কে সিং উপস্থিত আছিল। আনহাতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সীমান্ত নিৰাপত্তা বাহিনী বি এছ এফ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা সংস্থাৰ মুৰববী কেইগৰাকীৰ সৈতে আন এখন পর্যালোচনা বৈঠকত মিলিত হয়।
Assamese | May 9, 2025 8:15 PM | Rajnath Singh Meeting
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক