প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন কৰা হৈছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। এয়াৰ শ্বত ছুখয়, এন্তনভ, এন -32 পৰিবহন বিমান, চিনুক, হেভিলীড হেলিকপ্তাৰ আৰু মীগ ১৭ হেলিকপ্তাৰে উৰণ কৌশল প্ৰদৰ্শন কৰে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববীগৰাকীয়ে কয় যে অপাছেন সিন্দূৰ এতিয়াও অব্যাহত আছে আৰু ভাৰতীয় বায়ু সেনা বাহিনী যিকোনো বহিঃ শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু। ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ৰ চিনস্বৰূপে বায়ু সেনা বাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডাৰ মুখ্য কাৰ্যালয়ে আয়োজন কৰা এই দিৱসৰ অনুষ্ঠানত প্ৰাক্তন সৈনিক, স্কুলীয়া শিক্ষাৰ্থী আৰু ভালেসংখ্যক অসামৰিক লোকে অংশগ্ৰহণ কৰে।
Assamese | December 10, 2025 9:06 PM | Dibrugarh
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন