প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়। বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্ত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত কালি প্ৰতিৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অপাৰেশ্বন সিন্দুৰৰ সফলতাৰ বিষয়ে আলোকপাত কৰি তেওঁ কয় যে এই অভিযান দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা ক্ষমতাৰ উজ্বল নিদর্শন। তেওঁ লগতে কয় যে সশস্ত্র বাহিনীয়ে পাকিস্তানৰ ভূমিত থলুৱা সঁজুলি ব্যৱহাৰেৰে কৰা নিখুঁত আক্রমণে প্ৰমাণ কৰিলে যে দূৰদৰ্শিতা, দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰু সমন্বয় অবিহনে কোনো অভিযান সফল হ’ব নোৱাৰে। এয়া কিছুদিনৰ বাবে যুদ্ধৰ কাহিনী যেন লাগিব পাৰে। কিন্তু এয়া হৈছে পাকিস্তানৰ ওপৰত ভাৰতৰ জয়ৰ কাহিনী আৰু ইয়াত দীৰ্ঘদিনীয়া কৌশলগত প্ৰস্তুতি আৰু প্ৰতিৰক্ষা প্ৰস্তুতিৰ ভূমিকা নিহিত হৈ আছে। সুদৰ্শন চক্র অভিযান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ লক্ষ্য হৈছে দেশৰ জটিল স্থানসমূহত প্ৰতিৰক্ষা আৰু প্রযুক্তিগত সুৰক্ষা প্ৰদান কৰে।
Assamese | August 31, 2025 10:24 AM | Defence Minister Rajnath Singh
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়, বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্তঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ