July 4, 2026 11:08 AM | Amarnath Yatra

printer

প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থ যাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি প্ৰদান কৰিছে

প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থ যাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে। তীর্থ যাত্রী, পৰ্যটক আৰু স্থানীয় বাসিন্দাসকলক বিনোদন দিবলৈ জম্মু স্মার্ট ছিটি লিমিটেডে টাৱী নদীৰ বুকুত নৌকা বিহাৰৰ ব্যৱস্থা কৰিছে। জম্মু স্মাৰ্ট ছিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা জম্মু পৌৰ নিগমৰ আয়ুক্ত ড০ দেবাংশ যাদৱে এই নৌকা যাত্ৰা মুকলি কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ যাদৱে কয়, যে জম্মু শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে দুৱাৰমুখৰূপে বিবেচিত হৈ অহাৰ লগতে প্ৰতি বছৰে লাখ লাখ তীর্থ যাত্ৰীক আদৰণি জনায়। তেওঁ কয়, যে এই ব্যৱস্থাই যাত্রী তথা পৰ্যটকসকলক নিৰাপদ আৰু আনন্দময় নৌকাবিহাৰৰ অভিজ্ঞতা প্ৰদান কৰিব। এই সেৱা প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা ৭ বজালৈ অব্যাহত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।