July 21, 2026 12:27 PM | cm meeting mp

printer

প্ৰতিগৰাকী সাংসদক নিজ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আৰু সাহায্য-উদ্ধাৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইফালে, বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তেওঁ লগতে বানপীড়িত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰাখিবলৈও আহ্বান জনায়। 

আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতিৰ প্ৰসংগতো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। তেওঁ কয়, যে বানৰ ফলত হোৱা ক্ষতি আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা জৰুৰী। বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই এই কথা সাংবাদিকক জানিবলৈ দিয়ে।

সাংসদসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি নিজ নিজ অঞ্চলৰ বান পৰিস্থিতিৰ খবৰ লৈ ৰাজ্য চৰকাৰৰ উদ্ধাৰ কাৰ্যত সহযোগ কৰাৰ বাবে ইতিমধ্যে ক্ষতিগ্রস্ত জিলাসমূহলৈ ৰাওনা হৈছে।