July 21, 2026 12:27 PM

views 7

প্ৰতিগৰাকী সাংসদক নিজ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আৰু সাহায্য-উদ্ধাৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু...